বৰগীত: SEBA Class 10 Assamese Chapter 1 summary, answers

A hindu priest worshipping illustrating the poem বৰগীত of SEBA class 10 Assamese chapter 1

Get here the summary and question, answers, notes of SEBA (Board of Secondary Education, Assam) class 10 Assamese Chapter 1 বৰগীত. However, these study materials should only be used for reference and changes can be made by the students according to their needs.

About the poet

নর বৈষ্ণর ধর্মৰ অন্যতম প্ৰচাৰক শ্ৰীশ্ৰীমাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰী ভূঞা আৰু মাতৃ মনোমা। শংকৰদেৱৰ প্রিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য-সংস্কৃতিৰো পূজাৰী, এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল 'নামঘোষা'। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁৰ আন আন ৰচনাসমূহ হ'ল —

আখ্যানমূলক ৰচনা — ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
তত্ত্বমূলক ৰচনা — জন্মৰহস্য, ভক্তি-ৰত্নাৱলী, নামমালিকা।
নাট — অর্জুন-ভঞ্জন বা দধিমথন।
ঝুমুৰা— চোবধবা, পিম্পৰা এছোৱা, ভূমি-লেটোৱা, ভোজনবিহাৰ |

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অর্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভার-ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল। এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদর্শন। মাধৱদেৱৰ সাহিত্যৰ সৌন্দর্য উপলব্ধি কৰাত পাঠটোৱে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি আশা কৰা হৈছে।

Summary

হৰিৰ মহিমা অপাৰ। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁৰ চৰণকমলত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। হৰিৰ চৰণযুগল হ'ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হ'ল জীৱন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মোহ পাশৰ পৰা মুক্তিলাভ কৰিব পাৰে।

Questions

ভাব-বিষয়ক :

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়াঃ

(ক) “...নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”
—কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?

(খ) 'সনক সনন্দ যোগী যাহাকু ধিয়ায়।'
—সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?

(গ) কবি কিহঁত আতুৰ হোৱা বুলি কৈছে?

(ঘ) বৰগীতটি কোনে ৰচনা কৰা?

(ঙ) বৰগীতটি কি বাগত বন্ধা আছে?

(চ) কবিয়ে ‘বান্ধৱ' বুলি কাক সম্বোধন কৰিছে?

(ছ) 'মোহ-পাশ' মানে কি?

২। বৰগীতটিৰ মূলভাৱ লিখা।

৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।

৪। ব্যাখ্যা কৰা :

(ক) সহস্র বয়নে যাব নপারম্ভ সীমা।
অধমে জানিবাে কেনে তােমাৰ মহিমা।” ।​

(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।

(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।

৫। 'সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নপায়।
—তাৎপৰ্য বিচাৰ কৰা।

৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।

ভাষা-বিষয়ক : 

১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
নপারম্ভ, কেনে, ভৈলোহো, তুমিসে, জনেব, কহয়। 

২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 



Post a Comment

0 Comments