SEBA Class 10 Assamese questions, answers, notes

SEBA Class 10 Assamese notes questions answers

Get notes, questions, answers, textbook solutions of Board of Secondary Education, Assam (SEBA) Class 10 Assamese all chapters. The solutions, however, must only be used for reference and students are encouraged to modify them according to their needs.

Chapter 1: বৰগীত

হৰিৰ মহিমা অতুলনীয়। যোগ ঋষিসকলে প্ৰায়ে ধ্যানত তেওঁৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰে। তেওঁৰ মহত্ত্ব ক্লান্ত কৰাৰ বা তেওঁক কেননিক শাস্ত্ৰত স্থান দিয়াৰ কোনো উপায় নাই। এনে অতিক্ৰমণীয় গৌৰৱময় হৰি এজন সাধাৰণ মানুহে কেতিয়াও বুজিব পৰা নাছিল। বিফলতাৰ চিন্তাত থকাসকলে তেওঁৰ চৰণ পদুমত সকাহ পাব পাৰে। কোৱা হয় যে ভক্তৰ চূড়ান্ত ধন হৰিৰ চৰণত পোৱা যায়, আৰু হৰি নিজেই ভক্তৰ জীৱন। হৰিৰ অনুকূলতা লাভ কৰিলে অজ্ঞানতাৰ শিকলিৰ পৰা মুক্ত হয়।

Get questions, answers, notes of বৰগীত

Chapter 2: জিকিৰ

অসমৰ বৈষ্ণৱ ধৰ্মৰ লগত আজান ফকিৰ চাহাবৰ প্ৰবৰ্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা যায়। অনেক জিকিবত বৈষ্ণর সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনি শুনা যায়। এই গীতটিৰ ভাববস্তুৰ জৰিয়তে ধর্ম বর্ণ নির্বিশেষে ছাত্র-ছাত্ৰীসকলৰ মাজত সমন্বয়ৰ ভাব গঢ়ি তুলিব পৰা যাব বুলি আশা কৰিয়েই গীতটি ইয়াত সন্নিবিষ্ট কৰা হৈছে। গীতটিৰ জৰিয়তে আল্লাৰ মাহাত্ম্যও প্ৰকাশ কৰা হৈছে। এই জগতত আমি মানুহবোৰ আচলতে কোন, আমাৰ স্থিতি কি,* আমি কি কৰা উচিত, প্ৰকাৰন্তৰে তাকে ক’বলৈ বিচৰা হৈছে।

Get questions, answers, notes of জিকিৰ

Chapter 3: প্ৰশস্তি

প্রশক্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশক্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ-বনে প্রকৃতিক ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দেৰে ভৰি পৰিছে। চৰাই-চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বেণুৱে বতাহত স্রষ্টাব গান গাইছে। 

Get questions, answers, notes of প্ৰশস্তি

Chapter 4: মই অসমীয়া

‘মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্রতি আনুগতা আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্রকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীব নানা দিশো ফুটি উঠিছে। মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে। অসমীয়া ল'ৰা-তিৰোতাৰ মাজত দেখা পোৱা স্বদেশপ্রেমে মোগলসকলৰ অন্তৰ চুইছে। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰিল। বড়ে-হিমজু ৰে তেওঁলোকে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল।

Get questions, answers, notes of মই অসমীয়া

Chapter 5: দৃশ্যান্তৰ

কবি হৰেকৃষ্ণ ডেকাৰ 'দৃশ্যান্তৰ' কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। কবিয়ে লগ পোৱা ব্যক্তি এজনৰ প্ৰসংগেৰে তেওঁ উন্মোচন কৰিছে নগৰীয়া জীৱনৰ শূন্যতা আৰু অপ্রাপ্তি। কেঁচা আলি-কেঁকুৰিৰ পৰা কংক্রীটৰ হাবিলৈকে বিবিধ চিত্ৰকল্পৰ মাজেৰে কবিয়ে আধুনিক মানুহৰ নিঃসংগতা, আৰু চহৰীয়া জীৱনৰ যান্ত্রিকতাক প্রতিফলিত কৰিছে। কবিৰ কেইবাটাও কবিতাত গ্ৰাম্য জীৱনৰ অকপট দশ প্ৰকাশ পোৱাৰ দৰে চহৰীয়া জীৱনৰ ৰুক্ষতাৰো ৰূপায়ণ ঘটিছে।

Get questions, answers, notes of দৃশ্যান্তৰ

Chapter 6: ছাত্ৰ-জীৱন আৰু সামজ সেৱা

ছাত্র জীৱন শিক্ষা আহৰণৰ সময়। শিক্ষা শব্দটোৰ অৰ্থ ব্যাপক। শিক্ষা শব্দই কেৱল লিখা-পঢ়া কৰাবে নুবুজায়। মানৱ জীৱনৰ লক্ষ্য, উদ্দেশ্য, জীৱনত কৃতকাৰ্যতা লাভৰ উপায় ইত্যাদি অনেক বিষয়ৰ জ্ঞানর শিক্ষার পরিসবে সামৰি লয়। শিক্ষার্থীসকল শিক্ষা লাভৰ সয়মছোৱাত একাগ্ৰ হোৱাটো অতিকে প্রয়োজনীয় গুণ। এই অৱস্থাত মনৰ গতি একমুখী হ’ব লাগে। একাগ্রচিত্তে অধ্যয়নত নিমগ্ন নহৈ বাহ্যিক বাতাবৰণত উটি ভাঁহি গ'লে জীৱনত কৃতকার্যতা লাভ কৰিব নোৱাৰি। 

Get questions, answers, notes of ছাত্ৰ-জীৱন আৰু সামজ সেৱা

Chapter 7: ভাৰতীয় সংস্কৃতি

ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি। ইয়াৰ ইতিহাসো এক সুদীর্ঘ ইতিহাস। আর্যসকল অহাৰ আগতেই ভাৰতবৰ্ষত এক শক্তিশালী সংস্কৃতি গঢ় লৈ উঠিছিল। ভাৰতীয় সংস্কৃতিৰ মূল সূঁতি এই আর্যপূর্ব সংস্কৃতি আজিলৈকে প্ৰৱাহিত হৈ আছে। ইতিহাসৰ ভিন ভিন স্তৰত ভাৰতবৰ্ষলৈ নানা সংস্কৃতিসম্পন্ন জনগোষ্ঠীৰ আগমন ঘটিছে। এই জনগোষ্ঠীসমূহেও ভাৰ্তৰ শাক্তশালী সংস্কৃতিৰ প্ৰভাৱত পৰিছে আৰু নিজা নিজা সাংস্কৃতিক উপাদানেৰে ভাৰতীয় সংস্কৃতিকে৷ সমৃদ্ধ কৰিছে।

Get questions, answers, notes of ভাৰতীয় সংস্কৃতি

Chapter 8: অসমৰ জনগোষ্টীৰ গাঁথনি আৰু সংস্কৃতি

বিভিন্ন ভাষা গোষ্ঠী, কলা-সংস্কৃতি, ৰীতি-নীতি আদিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমীয়া জাতিটো সাম্প্রতিক কালত ভাঙোনমুখী হৈ পৰিছে। একতাৰ এনাজৰীৰে সকলোকে বান্ধি ভাতৃত্ববোধ জাগ্রত কৰাত সহায় কৰাৰ বাবে বর্তমান সময়ত এই পাঠটোৰ প্ৰাসংগিকতা আছে। বিশেষকৈ অসমৰ পটভূমিত প্রাচীন কালৰে পৰাই বিভিন্ন ভাষা-ভাষী, ধর্মাৱলম্বী লোকে সমিল-মিলেৰে বসবাস কৰি যি সম্প্ৰীতিৰ আৰ্হি দেখুৱাই আহিছে সেয়া সকলো সময়তে প্রাসংগিক আৰু প্ৰয়োজনীয় হৈ ৰ'ব।

Get questions, answers, notes of অসমৰ জনগোষ্টীৰ গাঁথনি আৰু সংস্কৃতি

Chapter 9: ইন্টাৰনেটৰ তিতা-মিঠা

পৃথিৱীৰ সকলো বস্তুৰে ভাল-বেয়া দুটা দিশ থকাৰ দৰে বিজ্ঞানৰ চমৎকাৰী অৱদান ইণ্টাৰনেটৰো ভাল-বেয়া দুয়োটা দিশ আছে। ইণ্টাৰনেটৰ বহুল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাওকতে বিভিন্ন বতৰা দিবলৈ সক্ষম হৈছে, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহুলোক বিশেষকৈ ছাত্রসমাজ বিভিন্ন ক্ষতিৰো মুখামুখি হৈছে। ইণ্টাৰনেটৰ তিতা-মিঠা’ কাহিনীটোৰ মুখ্য চবিত্র কুঁৱলীকো তাইৰ দেউতাকে জ্ঞানৰ পৰিধি অসীমলৈ বিস্তাবিত হোৱাৰ আশাৰে ইণ্টাৰনেট সংযুক্ত কম্পিউটার কিনি দিছে। 

Get questions, answers, notes of ইন্টাৰনেটৰ তিতা-মিঠা

Chapter 10: অৰুণিমা সিন্হা

জীৱনৰ সফলতা তথা উন্নতিৰ মূলমন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। প্রবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্রত্যাহবান হেলাবঙে অতিক্ৰম কৰাত সহায় কৰে। উত্তৰ প্ৰদেশৰ অৰুণিমা সিন্‌হা নামৰ চাব্বিশ বছৰীয়া যুৱৰ্তী এগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভন্নীবল খেলুলৈ অৰুণিমা সিনহাই লক্ষ্মৌৰ পৰা দিল্লী অভিমুখী ৰে'লযাত্ৰাত দুর্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনলৈ হেৰুৱালগীয়া হৈছিল।

Get questions, answers, notes of অৰুণিমা সিন্হা

Chapter 11: অৰণ্যযাত্ৰা

প্ৰকৃতিয়েই হ'ল মানুহৰ জীৱনৰ প্ৰথম পাঠশালা। প্রকৃতি জগতখনক ভালদৰে নিৰীক্ষণ কৰিলে আমি আমাৰ জীৱনৰ বাবে প্রয়োজনীয় শিক্ষা প্ৰকৃতিৰ পৰাই আহৰণ কৰিব পাৰোঁ। ইয়াৰ উপৰিও জ্যেষ্ঠজনব হাক-বচন শুনি তেওঁলোকৰ পৰামর্শ মতে আগবাঢ়ি গ'লে আমি কেতিয়াও বিপদত পৰিবলগীয়া নহয়। ল’বাই হওক বা ছোৱালীয়েই হওক প্রত্যেকেই নিজৰ কামবোৰ সময়ত কৰি গ'লে এখন ঘৰ তথা এখন সমাজ সুশৃংখলভাৱে আগবাঢ়ি যাব পাবে।

Get questions, answers, notes of অৰণ্যযাত্ৰা

Chapter 12: পাৰস্যত এভুমুকি

পাঠটিৰ জৰিয়তে লেখকে ইবাণৰ ৰাজনীতি, ভূগোল, অর্থনীতি আৰু সংস্কৃতিৰ বিষয়ে পাঠকক এক আভাস দিবলৈ বিচাৰিছে। ইৰাণৰ ৰাজনৈতিক ইতিহাসৰ কথা চমুকৈ উল্লেখ কৰাৰ লগতে ইৰাণৰ মানুহৰ ব্যক্তিত্ব, খাদ্যাভ্যাস, সাজ-পাৰ আদি নানা দিশৰ নানান তথ্য পাঠটিত আকর্ষণীয়কৈ উপস্থাপন কৰা হৈছে।

Get questions, answers, notes of পাৰস্যত এভুমুকি

Chapter 13: কানাইৰ চাতুৰী

এই পাঠত উদ্ধৃত পাঠটি ‘কাণখোৱা’ পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। পাঠটিত শিশুকৃষ্ণৰ ঈশ্বৰত্বৰ পৰিবৰ্তে সাধাৰণ অভিমানেৰে ভৰা মানৱ শিশু এটিৰ চিত্ৰ বৰ্ণিত হৈছে, যি পঢ়োঁতাক নিজৰ স্বৰূপৰ লগত একীভূত হৈ পৰাত অৰিহণা যোগাইছে। ইয়াত কৃষ্ণৰ মানবীয় ৰূপ প্ৰকট হৈ উঠাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ ঐশ্বৰিক দিশটো পাহৰি নিজৰ কৰ্মৰাজিৰ লগত সাদৃশ্য উপলব্ধি কৰি আনন্দ পোৱাতেই পাঠটিৰ গুৰুত্ব2 নিৰ্ভৰ কৰিছে।

Get questions, answers, notes of কানাইৰ চাতুৰী

Chapter 14: ধৰ ঝাডু ধৰ ভাই

ঝাড়ুৰে সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে। কবিতাটি দেশ পৰাধীন হৈ থকা সময়ত কবিয়ে আন্দোলন কৰি সশ্রম কাৰাদণ্ড খাটি পায়খানা চাফা কৰি থকা সময়ত ৰচনা কৰা।

Get questions, answers, notes of ধৰ ঝাডু ধৰ ভাই

Chapter 15: বিষাদ যোগ

গীতাশাস্ত্ৰ ভাৰতীয় সাহিত্যৰ উচ্চপৰ্যায়ৰ গভীৰ তত্ত্ব বিষয়ৰ এখন গ্রন্থ। ভট্টদেৱে অনুবাদ কৰা ‘কথাগীতা'ৰ এই ‘বিষাদ যোগ’ অধ্যায়ত কৌৰৱ বাহিনীৰ সৈতে কুৰুক্ষেত্ৰ ৰণৰ সমুখ সমৰত উপস্থিত হৈ অর্জুন কেনেকৈ বিষাদগ্রস্ত হৈছিল, আপোন মানুহৰ সৈতে যুদ্ধ নকৰোঁ বুলি কেনেকৈ ধনুশৰ পেলাই দিছিল তাৰ আভাস আছে। অর্জুনৰ মনোজগতৰ অভ্যন্তৰৰ বিষাদবোধ পাঠটোৰ মূল বিষয়।

Get questions, answers, notes of বিষাদ যোগ

Chapter 16: প্ৰাচীন ভাৰতীয় শিক্ষা

পাঠটিত ভাৰতবৰ্ষৰ প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থাৰ আভাস দিয়া হৈছে। বিশেষকৈ সেইসময়ৰ শিক্ষাৰ উদ্দেশ্য, বিশ্ববিদ্যালয়ৰ পাঠ্যক্রম, শিক্ষক-ছাত্ৰৰ আচৰণৰ আভাস দিয়াৰ লগতে বৰ্তমানৰ শিক্ষাৰ ব্যৱস্থাৰ সৈতে প্রাচীন ভাৰতীয় শিক্ষাৰ এটি তুলনাও কৰা হৈছে। বর্তমান শিক্ষা ব্যৱস্থাত দেখা দিয়া কেৰোণসমূহৰ চমু আভাসো পাঠটোত আছে। শিক্ষাৰ যি চিৰন্তন উদ্দেশ্য সেই উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখি লিখকে ছাত্রসমাজক সেয়া উপলব্ধি কৰিবলৈ আহ্বান জনাইছে।

Get questions, answers, notes of প্ৰাচীন ভাৰতীয় শিক্ষা

Post a Comment

1 Comments

  1. We want Assamese answer of chapter 6 let's be an entrepreneurship which is newly added to Assamese textbook. Sir can you get this for class 10 who will appear for HSLC exam so that we can score with high marks.

    ReplyDelete